গোপনে চুৰি হয় ফেচবুকৰ তথ্য :: বিশ্বজুৰি ব্যাপক চাঞ্চল্য

বিশ্বৰ সবাতকৈ জনপ্রিয় ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত মুঠেই সুৰক্ষিত নহয় ব্যক্তিগত তথ্য। ব্যৱহাৰকাৰীৰ অনুমতি অবিহনে পৃথিৱীৰ ৫০ নিযুত লােকৰ ব্যক্তিগত তথ্য কেমব্রিজ এনালাইটিকা নামৰ এটা কোম্পানীক বিক্ৰী কৰিলে ফেচবুকৰ মুখ্য কাৰ্যবাহী মার্ক জুকাৰবার্গে। ব্যৱহাৰকাৰীৰ তথ্যৰ বেহাত ব্যস্ত ফেচবুকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে জাঙুৰ খাই উঠিছে সচেতন মহল। কেমব্রিজ এনালাইটিকা হৈছে ইংলেণ্ডৰ এটা ৰাজনৈতিক পৰামৰ্শদাতা কোম্পানী। কোম্পানীটোৱে ফেচবুকৰ ব্যৱহাৰকাৰীসকলৰ প্ৰফাইলৰ পৰা গােপনে ব্যক্তিগত তথ্য সংগ্রহ কৰি নির্বাচনৰ সময়ত কোনাে এটা ৰাজনৈতিক দলক সহায় কৰে। নির্বাচনী কৌশল…

"গোপনে চুৰি হয় ফেচবুকৰ তথ্য :: বিশ্বজুৰি ব্যাপক চাঞ্চল্য"

মহিলাৰ বাবে ১০ টকাত চৰকাৰৰ সুবিধা

নাৰীৰ সুস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ফার্মাচিউটিকেল বিভাগে মুকলি কৰিলে জৈৱিক ভাৱে পচনযােগ্য ছেনিটেৰী নেপকিন ‘সুবিধা’। আন্তর্জাতিক নাৰী দিৱস উপলক্ষে মুকলি কৰা এই ছেনিটেৰী নেপকিনৰ প্রতিটোৰ মূল্য মাত্র ২.৫০ টকা। চাৰিটা নেপকিনৰ এটাপেকেটৰ মূল্য মাত্র ১০ টকা । এই সামগ্ৰীবিধ দেশজুৰি থকা ৩,২০০টা প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি পৰিযােজনা কেন্দ্ৰত উপলব্ধ হ’ব। এই কথা প্রকাশ কৰে ৰাসায়নিক আৰু সাৰ মন্ত্রী অনন্ত কুমাৰে। এই সুবিধা মুকলি সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয় যে বজাৰত উপলব্ধ ৩২ টকা গড়…

"মহিলাৰ বাবে ১০ টকাত চৰকাৰৰ সুবিধা"

দেশত অব্যাহত মূর্তি ভঙাৰ ৰাজনীতি

বিজেপিয়ে ত্রিপুৰাৰ বিধানসভাৰ নির্বাচনত জয়লাভ কৰাৰ পাছত ৰাজ্যখনত ৰাছিয়ান বিপ্লৱৰ নেতা ভ্লাডিমিৰ লেনিনৰ প্রতিমূর্তি ভঙাৰ প্রতিক্রিয়া দেশত অব্যাহত আছে৷ কেৰালাৰ কান্নুৰ জিলাৰ তালিপৰম্বাত থকা মহাত্মা গান্ধীৰ এটা আৱক্ষ প্রতিমূর্তিত দুষ্কৃতিকাৰীয়ে আক্রমণ কৰি ক্ষতি সাধন কৰে৷ আৰক্ষীয়ে এই কথা জনাইছে৷ আৰক্ষীৰ মতে, প্রতিমূর্তিটোত থকা মহাত্মা গান্ধীৰ চছ৲মা ভাঙি পেলোৱাৰ উপৰি ফুলৰ মালাও এৰুৱাই পেলোৱা হয়৷ এই প্রতিমূর্তিটো তালিপৰম্বাৰ তালুক কার্যালয়ৰ কাষতে আছে৷ চি চি টিভি কেমেৰাৰ ফুটেজত দেখা পোৱা মতে, এজন সন্দেহজনক ব্যক্তিয়ে প্রতিমূর্তিটোত আক্রমণ কৰে৷…

"দেশত অব্যাহত মূর্তি ভঙাৰ ৰাজনীতি"

বৰপেটাত ৫ ডাল বিৰল প্ৰজাতিৰ কেঁকো সাপ জব্দ : ৩ জন যুৱকক আটক

বৰপেটা আৰক্ষীয়ে আজি অভিযান চলাই ৫ ডাল বিৰল প্ৰজাতিৰ কেঁকো সাপ সহ ৩ জন যুৱকক আটক কৰে ৷ আটক কৰা যুৱক কেইজন বৰপেটাৰ গান্ধী নগৰৰ যোগেশ্বৰ হৰিজন, মুকালমুৱাৰ দিগন্ত দাস আৰু সুনীল ৰবি দাস বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি বৰপেটা আৰক্ষীৰ জিম্মাত যুৱক তিনিজনক জেৰা কৰি থকা হৈছে ৷ উদ্ধাৰ হোৱা কেঁকো সাপ কেইডালৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় বজাৰত পাঁচ কোটিৰো অধিক হ’ব বুলি ধৃত চোৰাং বেপাৰী কেইজনে জনাইছে ৷ ইতিমধ্যে ধৃত যুৱক কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত…

"বৰপেটাত ৫ ডাল বিৰল প্ৰজাতিৰ কেঁকো সাপ জব্দ : ৩ জন যুৱকক আটক"

Whatsappৰ বার্তা ডিলিটৰ সময়সীমা ১ ঘ্ন্টালৈ বৃদ্ধি

জনপ্রিয় মােবাইল মেছেঞ্জাৰ এপ্লিকেশ্বনছ ‘হােৱাটছএপৰ ‘ডিলিট ফৰ এভীৱান’নামৰ দিশটোৰ সংশােধন কৰা হৈছে। অর্থাৎ হােৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰা এটা বার্তা পূর্বে সম্পূর্ণৰুপে ডিলিট কৰিবলৈ হ’লে প্ৰেৰণ কৰাৰ সাত মিনিট ভিতৰত ডিলিট কৰিব লাগিছিল। কিন্তু এতিয়া সেই সময়ৰ সংশােধন ঘটোৱা হৈছে। এতিয়া এটা বার্তা সম্পূর্ণৰুপে ডিলিট কৰিবলৈ হ’লে ৪০৯৬ ছেকেণ্ড সময় অর্থাৎ ৬৮ মিনিট ১৬ ছেকেণ্ড পাব ব্যৱহাৰকাৰীয়ে। ইণ্টাৰনেটৰ সহায়ত ব্যৱহাৰ কৰা এই মেছেঞ্জাৰএপছটো বর্তমান বিশ্বৰ ভিতৰত সর্বাধিক জনপ্রিয় এপছ। যােৱা বছৰৰ নৱেম্বৰ মাহত হােৱাটছএপে ডিলিট ফৰ…

"Whatsappৰ বার্তা ডিলিটৰ সময়সীমা ১ ঘ্ন্টালৈ বৃদ্ধি"

অখিল গগৈলৈ মুকলি প্রশ্ন

মাইন উদ্দিন : আমি (মই) অপ্রিয় সত্য লিখিলে বা কলে কিছুমান ‘অতি অসমীয়া’ ৰ নাকত ‘গেদা গেদা’ গোন্ধ লগা দেখা যায় কিন্তু উপায় নাই – আন দহজনৰ দৰেই এই অসম ভূমি আমাৰ আৰু অসম-অসমীয়াৰ প্রতিটো সুখ-দুখৰ সমভাগী আমিও। আপুনি আমাক অসমীয়া হিচাবে মানি লয় নে নলয়, সেয়া আপোনাৰ সমস্যা , আমাৰ (মোৰ) সমস্যা নহয়। অখিল গগৈক লৈ বেছি উদ্বাউল হৈ লাভ নাই, তেখেত ইতিমধ্যেই সৰহ সংখ্যক তথাকথিত মূলসুঁতিৰ মৰমৰ পৰা বঞ্চিত হৈ পৰিছে। অখিল গগৈয়ে…

"অখিল গগৈলৈ মুকলি প্রশ্ন"

পঞ্চায়ত নির্বাচন এপ্রিলৰ ভিতৰতে সম্পন্ন হ’ব :: নির্বাচন আয়ােগৰ ঘােষণা

অসম ৰাজ্যিক নির্বাচন আয়ােগে অচিৰেই পঞ্চায়ত নির্বাচনৰ দিন ঘােষণা কৰিব । উচ্চতম ন্যায়ালয়ে নির্ধাৰিত সময়ৰ ভিতৰতে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নির্দেৰ্শৰ পিছতেই এতিয়া নির্বাচনৰ দিন-বাৰ ঘােষণাৰ বাবে সাজু হৈছে আয়ােগ। ৰাজ্যিক নির্বাচন আয়ুক্ত হৰেন্দ্ৰনাথ বৰাই কালি  এই কথা জানিবলৈ দিয়ে। আয়ুক্ত বৰাই কয় যে চলিত মার্চ মাহৰ ভিতৰতে নির্বাচনী প্রক্রিয়া আৰম্ভ কৰি এপ্রিল মাহৰ ভিতৰত নির্বাচনী ফলাফল ঘােষণা কৰি নির্বাচন প্রক্রিয়া সম্পূর্ণ কৰা হ’ব। অৱশ্যে এতিয়ালৈ নির্বাচনৰ তাৰিখ চূড়ান্ত কৰা হােৱা নাই। অতি কম…

"পঞ্চায়ত নির্বাচন এপ্রিলৰ ভিতৰতে সম্পন্ন হ’ব :: নির্বাচন আয়ােগৰ ঘােষণা"

ৰাহুল গান্ধীৰ প্রতিক্রিয়া :: উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আস্থা জয় কৰিবলৈ কংগ্ৰেছে প্রচেষ্টা চলাব

    কংগ্ৰেছৰ  সভাপতি ৰাহুল গান্ধীয়ে ত্রিপুৰা, নগালেণ্ড আৰু মেঘালয়ৰ বিধানসভাৰ নির্বাচনৰ ফল ঘােষণাৰ দুদিনৰ পাছতহে  এই প্রসংগত প্ৰথমবাৰলৈ নিজৰ প্রতিক্রিয়া প্রকাশ কৰে। উল্লেখযােগ্য যে ত্ৰিপুৰাত বিজেপিয়ে বাওঁ পন্থীৰ দুৰ্গ বিধ্বস্ত কৰি প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিব। ইয়াৰ উপৰি মেঘালয় আৰু নগালেণ্ডতাে দলটো চৰকাৰৰ অংশীদাৰ হৈ পৰাটো নিশ্চিত হৈ পৰিছে। নগালেণ্ড আৰু ত্ৰিপুৰাত কংগ্ৰেছে এখনাে আসন জয় কৰিব নােৱাৰিলে। অৱশ্যে মেঘালয়ত কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল হয় যদিও চৰকাৰ গঠন কৰিব পৰাকৈ বিধায়ক জয়ী কৰাই আনিব নােৱাৰিলে। ৰাহুল গান্ধীয়ে কালি…

"ৰাহুল গান্ধীৰ প্রতিক্রিয়া :: উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আস্থা জয় কৰিবলৈ কংগ্ৰেছে প্রচেষ্টা চলাব"

সক্রিয় ৰাজনীতিলৈ আহি আছে অখিল গগৈ:: ২০২১ চনত অসমৰ পৰা বিজেপিক উৎখাতৰ হুংকাৰ

কৃষক নেতা অখিল গগৈয়ে ২০২১ চনত বিজেপিক উৎখাত কৰি ৰাজনৈতিক ক্ষমতা দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে । ৰাজনৈতিক কুচকাৱাজেৰে ক্ষমতা দখল কৰিলে জনসাধাৰণক সুবিধা প্রদানৰ প্রতিশ্রুতিও দিয়ে। বিগত বিধানসভাৰ নির্বাচনত বিজেপি-বিৰােধী স্থিতি গ্রহণ কৰাৰ পাছত তৃতীয় বিকল্প বাবে কুচকাৱাজ চলােৱা কৃষক নেতা অখিল গগৈয়ে আৰু ৩ বছৰৰ পাছত প্রত্যক্ষ ৰাজনীতিত জঁপিয়াই পৰাটো একপ্রকাৰ নিশ্চিত হৈছে। হাইলাকান্দিৰ পাঁচগ্রামত এখন ৰাজহুৱা সভাত বিজেপিক উৎখাত কৰি ক্ষমতা দখল কৰিলে জনসাধাৰণক কি কি সুবিধা দিব তাৰাে প্রতিশ্রুতি দিয়ে কৃষক নেতাজনে।…

"সক্রিয় ৰাজনীতিলৈ আহি আছে অখিল গগৈ:: ২০২১ চনত অসমৰ পৰা বিজেপিক উৎখাতৰ হুংকাৰ"

চেলুট কমৰেড মাণিক সৰকাৰ

ছবি খনত দেখা ব্যক্তি জন ত্ৰিপুৰাৰ বিদায়ী মুখ্যমন্ত্ৰী @মাণিক সৰকাৰ । এওঁয়েই ভাৰতৰ একমাত্ৰ মুখ্যমন্ত্ৰী যাৰ আজিলৈ এখন চাৰিচকীয়া বাহন নাই । চৰকাৰী যাত্ৰা কৰিবলৈ হলে সদায় ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ সহায় লয় । মুখ্যমন্ত্ৰী হিচাপে হিচাপে যিখিনি দৰমহা লাভ কৰে তাৰ পাচ হেজাৰ টকা লগত ৰাখি বাকীবোৰ দলৰ ন্যাসত দান কৰে । থাকিবলৈ আছে মাত্ৰ ককাকৰ দিনৰ এটা সৰু ঘৰ । পত্নী এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী । যিয়ে সদায় ৰিক্সা বা খোজ কাঢ়িয়েই কৰ্তব্যস্থলীলৈ যায়…

"চেলুট কমৰেড মাণিক সৰকাৰ"